ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 14, 2024 7:06 PM | 78 independence day

printer

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সাক্ষী হবলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি অংগনৱাড়ী, সখী একক অৱস্থান কেন্দ্ৰ, সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰ, শিশু কল্যাণ সমিতি আৰু জিলা শিশু সুৰক্ষা গোটৰ নির্বাচিত মহিলা কর্মীসকলক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, মহিলা আৰু শিশুসকলৰ সবলীকৰণৰ দিশত আগবঢ়োৱা প্ৰচেষ্টাৰ প্ৰতি স্বীকৃতি স্বৰূপে এই বিশেষ অতিথিসকলক আমন্ত্ৰণ জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।