৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত নতুন দিল্লীত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব। ধুবুৰীৰ আশাৰিকান্দিৰ ভৌগোলিক সূচ্যাংকৰ পৰিচিতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব।
গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাতো প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ’ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা অনাবৰণ কৰিব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪টা দলে কুচকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কার্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।
ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পতাকা অনাবৰণ কৰিব। ইয়াৰ বাবে দিনে-নিশাই প্রস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আযুক্তই এখন জাননী জাৰি কৰিছে। তদুপৰি জিলা প্রশাসনে ২৫ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ২৭ জানুৱাৰীৰ দিনৰ ১২ বজালৈ ডিব্ৰুগড় পৌৰ নিগম এলেকাৰ ভিতৰত আৰু খনিকৰ চাৰিআলিৰ পৰা ডিব্ৰুগড় চহৰলৈ ডাম্পাৰ, নিৰ্মাণ সামগ্ৰী সৰবৰাহ কৰা যান-বাহন তথা অন্যান্য গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে।
জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কালি সমাগত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জাগিভকত গাঁৱত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে সকলো প্রচেষ্টা অব্যাহত ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। ধেমাজিৰ সদৰৰ ঐতিহাসিক কাছাৰী ময়দান প্রাঙ্গনত দৈনিক কুচকাৱাজৰ অনুশীলন অব্যাহত আছে। এইবেলি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৩২টা দলে অংশ লোৱাৰ কথা।
হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্ততো সমাগত গণৰাজ্য দিৱস উপলক্ষে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যে সকলো পদক্ষেপ গ্রহণ কৰিছে। তদুপৰি অসম মেঘালয় সীমান্তবর্তী অঞ্চলসমূহত মেঘালয়ৰ পৰা প্ৰবেশ কৰা প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে।
ধুবুৰী জিলাতো গণৰাজ্য দিৱসৰ পেৰেডৰ চূড়ান্ত আখৰা কৰি থকা হৈছে। গণৰাজ্য দিৱসলৈ মাত্র এদিন থকা অৱস্থাত অসম আৰক্ষী, স্কাউট গাইড আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীকে ধৰি বিভিন্ন গোটে ৰজা প্রভাত চন্দ্ৰ বৰুৱা খেল পথাৰত পেৰেডৰ প্ৰস্তুতি পূর্ণ মাত্ৰাত চলাই আছে।