৭৪সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা

অহা ৫ জানুৱাৰীৰ পৰা হ’বলগীয়া ৭৪ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ দল ঘোষণা কৰিছে। অসম বাস্কেট বল সন্থাই ঘোষণা কৰা ল’ৰাৰ দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে বীৰেন্দৰ সিং আৰু পৰিচালক হিচাপে অনুপ কুমাৰ চাহুৰ নাম বাছনি কৰিছে। আনহাতে, ছোৱালী দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে ভৱজ্যোতি ভট্টাচাৰ্য, সহকাৰী প্ৰশিক্ষক অজয় কুমাৰ আৰু পৰিচালক হিচাপে উপাসনা কলিতাৰ নাম ঘোষণা কৰা হৈছে। দল দুটাই গুজৰাটৰ ভাৱ নগৰত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাত অসমক প্রতিনিধিত্ব কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।