ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে মহাপৰিনিৰ্বান দিৱস পালন

ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বান দিৱস পালন কৰা হয়। মহাপৰিনিৰ্বান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেইবাগৰাকী সাংসদ তথা অন্যান্য বিষয়ববীয়াই ভাৰতীয় সংবিধানৰ ৰূপকাৰ আম্বেদকাৰৰ স্মৃতিত নতুন দিল্লীত সংসদ ভৱনৰ প্ৰেৰণা স্থলত শ্ৰদ্ধা জ্ঞাপন কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু অজিত পাৱাৰে মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে দাদৰৰ চৈত্যভূমিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে কয়, যে ড০ আম্বেদকাৰে দেশক শ্রেষ্ঠ সংবিধান দিয়াৰ লগতে ঐক্য, সমতা, ভাতৃত্ববোধ, অস্পৃশ্যতা নির্মূল আদিৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছিল। ড০ আম্বেদকাৰে দেশক দিয়া সংবিধানখনৰ বাবেই দেশে বিভিন্ন দিশৰ উন্নয়নত নতুন উচ্চতা লাভ কৰিছে বুলি মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফাড়নবিছে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।