নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৩সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি ১৪ দিনীয়া এই বাণিজ্য মেলা উদ্বোধন কৰে। এইবাৰৰ বাণিজ্য মেলাৰ বিষয়বস্তু হৈছে— ‘২০৪৭ চনত বিকশিত ভাৰত’। এইবাৰৰ মেলাত ঝাৰখণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰা লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশে অংশীদাৰী ৰাজ্য হিচাপে ভাগ লৈছে। এই বাণিজ্য মেলাত চীন, ইজিপ্ত, ইৰাণ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, তুৰস্ক, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰকে আদি কৰি ১১ খন দেশে অংশগ্ৰহণ কৰিছে। আজিৰে পৰা ১৮ নৱেম্বৰলৈকে ব্যৱসায় বাণিজ্যৰ বাবে এই মেলা খোলা থাকিব আৰু ইয়াৰ পাছৰে পৰা ২৭ নৱেম্বৰলৈকে জনসাধাৰণে বাবে এই মেলা মুকলি থাকিব। ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰি মন্ত্ৰী পীয়ুষ গোৱেলে দুবছৰৰ মূৰে মূৰে বাণিজ্য মেলা আয়োজনৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে, চৰকাৰে ভাৰত বাণিজ্য- সম্প্ৰসাৰণ সংস্থাই ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে প্ৰয়াস চলাই আছে। মন্ত্ৰীগৰাকীয়ে লগতে ভাৰতৰ নিজা প্ৰদৰ্শনীসমূহ বিশ্বৰ অন্যান্য প্ৰান্তত আয়োজন কৰাৰো পোষকতা কৰে।