ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়া সৰল কৰাৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ শীর্ষক এটা প’ৰ্টেল আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প’ৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। কৰ্মচাৰীসকলে আজিৰে পৰা অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত এই প’ৰ্টেলত বদলিকৰণৰ বাবে আবেদন কৰিব পাৰিব। সমগ্রেড পে’ লাভ কৰা কৰ্মচাৰী, সমসেৱা বিধি কৰ্মচাৰী আৰু সমঅৰ্হতা সম্পন্ন কৰ্মচাৰীৰ ক্ষেত্ৰতহে এই নিয়ম প্রযোজ্য হ’ব। এই সময়ছোৱাৰ ভিতৰত প’ৰ্টেলযোগে লাভ কৰা আবেদনসমূহ স্বয়ংক্রিয় ব্যৱস্থাৰে বিবেচনা কৰা হ’ব আৰু ইয়াৰ বাবে যোগ্য কৰ্মচাৰীৰ পাৰস্পৰিক বদলি অহা ব’হাগ বিহুৰ পূৰ্বে সম্পন্ন হ’ব। ইয়াত কোনো মানৱীয় হস্তক্ষেপ নাথাকিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে।
Site Admin | January 1, 2025 9:07 PM | 3rd 4th grade transfer portal
ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিকৰণৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি
