ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 30, 2025 8:53 PM | 30 october

printer

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৭ বছৰ সম্পূৰ্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৭ বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত ৮০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰি ৪০০ৰো অধিক লোক আহত হৈছিল। সেই ভয়াৱহ দিনটোৰ স্মৃতি সুঁৱৰি আজি গণেশগুৰিৰ উৰণ সেতুৰ তলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি আৰু বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধা জনাই অংকুৰণ ৱেলফেয়াৰ এছ’চিয়েচন নামৰ এটা সংস্থাই গণেশগুৰিত ৰক্তদান শিবিৰৰ আয়োজন কৰে। গুৱাহাটীৰ উকিল সন্থাৰ উদ্যোগতো আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেওঁ বিস্ফোৰণত আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।