আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ আজি কাজিৰঙাত অনুষ্ঠিত দ্বিতীয়খন বৈঠকত এহেজাৰ ৪০০ কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে অসম তথা দেশৰ আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডৰ কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰ পৰা পাণ্ডু বন্দৰলৈ সংযোগী পথ, ১৬ নম্বৰ অৰ্থাৎ বৰাক আৰু দুই নম্বৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথত চলাচলৰ বাবে ১২ খন জাহাজ ক্রয়, বৰাক নদীৰ বাবে এখন জৰীপ জাহাজ ক্রয় আদি বিভিন্ন ঘোষণা কৰা হয়। বৈঠকত লগতে জাহাজ আৰু কৰ্মচাৰী পঞ্জীয়নৰ বাবে ডিজিটেল ইণ্ডিয়া নামৰ কেন্দ্রীয় তথ্য সমৃদ্ধ এটা পোৰ্টেল মুকলি কৰা হয়। আজিৰ এই বৈঠকতে ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ্নির্মাণ, আঞ্চলিক উৎকর্ষ কেন্দ্র স্থাপন, ৰাজ্যৰ চাৰিটা স্থানত পৰ্যটন টার্মিনেলৰ বিকাশ আদি আন কেইবাটাও প্রকল্পত অনুমোদন দিয়া হয়। অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, যে বিগত ১০ বছৰত ৰাষ্ট্ৰীয় জলপথসমূহৰ যোগেদি দেশৰ যাতায়াত ব্যৱস্থা উন্নত কৰি তোলা হৈছে। ২০১৪ চনলৈকে দেশত কেৱল ৫টা ৰাষ্ট্ৰীয় জলপথ আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পৰৱৰ্তী সময়ত দেশৰ প্ৰতিখন ৰাজ্যৰ নদীসমূহক অধ্যয়ন কৰি বৰ্তমান ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ১১১ লৈ বৃদ্ধি কৰা হৈছে। বিগত সময়ছোৱাত মালবাহী জাহাজ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে বুলিও সোণোৱালে উল্লেখ কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিমান, ৰে’ল আৰু পথ যোগাযোগৰ বাবে জলপথ পৰিবহণ ব্যৱস্থাকো জনসাধাৰণৰ সুবিধাৰ্থে গঢ়ি তুলিবলৈ আহ্বান জনায়। অনুষ্ঠানত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, অন্ধ্র প্রদেশৰ পথ আৰু ভৱন মন্ত্ৰী বি চি জনার্দন ৰেড্ডী, অৰুণাচল প্ৰদেশৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী অজিং টেচিঙকে ধৰি আন কেইবাখনো ৰাজ্যৰ মন্ত্ৰী উপস্থিত থাকে।