নুমলীগড় শোধনাগাৰত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্পই অসমৰ ৫০ হাজাৰ বাঁহ খেতিয়কক আর্থিকভাৱে সবল কৰি তোলাৰ লগতে বহনক্ষম উন্নয়নৰ পথ মুকলি কৰিব। গোলাঘাট জিলাৰ নুমলীগড়ত কালি এই প্রকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ৫ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্রকল্পই অসম তথা দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনক নতুন গতি প্ৰদান কৰিব। শ্রীমোদীয়ে কালি নুমলীগড় শোধনাগাৰৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পত উৎপাদিত প্লাষ্টিক আৰু অন্যান্য জৈৱ সামগ্ৰীসমূহে দেশৰ উদ্যোগ ক্ষেত্ৰখনক সমৃদ্ধ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতে শক্তি খণ্ডত আত্মনিৰ্ভৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে আৰু বিদেশৰ পৰা আমদানি কৰা ইন্ধনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৈৱ ইথানল প্ৰকল্পৰ বাবে বছৰি প্ৰায় ৫ লাখ টন বাঁহৰ বজাৰ গঢ় লৈ উঠিব। ইয়াৰ ফলত ৰাজ্যৰ প্ৰায় ৩০ হাজাৰ পৰিয়াল উপকৃত হ’ব।
Site Admin | September 15, 2025 1:15 PM | 2nd generation Bio-ethanol plant at Numaligarh
নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্ৱোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
