ডাউনলোড
মোবাইল এপ

android apple
signal

August 4, 2025 12:48 PM | Gauruv gogoi

printer

২০২৬ৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছ দলটো পুনৰ শাসনলৈ অহালৈ বাট চাইছে বুলি গৌৰৱ গগৈৰ মন্তব্য

বিজেপি চৰকাৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ হকে কাম কৰে বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ জনসাধাৰণে ২০২৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ পুৰণি দলটো শাসনলৈ অহালৈ বাট চাইছে বুলি মন্তব্য কৰে। গুৱাহাটীত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে এইদৰে কয়। তেওঁ লগতে বিজেপিৰ চৰকাৰে অসমৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। অহা ছেপ্তেম্বৰৰ পৰা কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে শক্তিশালী ৰূপত সাংগঠনিক কাম-কাজ আৰম্ভ কৰিব বুলি উল্লেখ কৰি তেওঁ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আকৌ এবাৰ অসমলৈ আহিবলৈ সাজু হৈছে বুলি প্ৰকাশ কৰে। শ্ৰীগগৈয়ে লগতে অহা ১৫ আগষ্টত কংগ্ৰেছে জিলা আৰু খণ্ড পৰ্যায়ত ত্ৰিৰংগ যাত্ৰা কৰিব বুলিও জানিবলৈ দিয়ে।
কালিৰ সভাত নিখিল ভাৰত কংগ্ৰেছ, অসমৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথিৰাজ সাথেকে ধৰি কংগ্ৰেছৰ অন্যান্য নেতাসকল উপস্থিত থাকে। এই কার্যনির্বাহক সভাত অসমৰ আটাইকেইখন জিলাৰ সভাপতি আৰু অন্যান্য নেতা-কৰ্মীসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বৈঠকত বিশেষকৈ অসমৰ থলুৱা আৰু খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু স্বাৰ্থৰ সুৰক্ষা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় বুলি শ্ৰীগগৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।