April 19, 2025 9:13 PM

views 31

চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছেঃ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। বিশ্ব যকৃৎ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ যকৃৎ আৰু পিত্ত বিজ্ঞান প্রতিষ্ঠানে আয়োজন কৰা সুস্থ যকৃৎ, সুস্থ ভাৰত শীৰ্ষক এটা অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰাকীয়ে এইদৰে প্ৰকা...

April 19, 2025 9:11 PM

views 49

আজি বিশ্বজুৰি যকৃৎ দিৱস পালন

জনসাধাৰণক তেলজাতীয় সামগ্ৰীৰ অধিক ব্যৱহাৰ পৰিহাৰ কৰি এটা সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু যকৃতৰ বিভিন্ন ৰোগ সম্পৰ্কে সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি বিশ্বজুৰি যকৃৎ দিৱস পালন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত মৃত্যুৰ ১০ টা মূল কাৰণৰ ভিতৰত যকৃতৰ ৰোগো এটা অন্যতম কাৰণ হেপাটাইটিচ বি, চি আৰু হেপাট...

April 19, 2025 9:10 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব। দেশখনৰ যুৱৰাজ আৰু প্রধানমন্ত্রী প্রিন্স মহম্মদ বীন ছলমনৰ আমন্ত্ৰণ ক্ৰমে শ্ৰী মোদী ছৌডি আৰবলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত আজি উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব তৃতীয়টো ছৌডি আৰব ভ্ৰমণ। ইয়াৰ পূৰ...

April 19, 2025 9:09 PM

views 21

বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতৰ তীব্ৰ গৰিহণা

বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছোৱালে সামাজিক মাধ্যমযোগে কৈছে যে, এই ঘটনাই চুবুৰীয়া দেশখনত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ অধীনত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে চলি থকা পৰিকল্পিত অতিশায্য শৈলীক প্ৰতি...

April 19, 2025 9:07 PM

views 34

ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ওলগ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছত চেতনা লাভৰ লগত সংগতি ৰাখি পালন কৰা পৱিত্ৰ ইষ্টাৰ উৎসৱে নিঃস্বার্থ মৰম আৰু সেৱাৰ বাৰ্তা বহন কৰে। তেওঁ ল...

April 19, 2025 9:05 PM

views 17

পশ্চিমবংগত ৱকফ সংশোধনী আইন বিৰোধী হিংসাত নিহতৰ পৰিয়াললৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৰ

পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুই ৱকফ সংশোধনী আইন বিৰোধী হিংসাৰ সময়ত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। ৰাজ্যপালগৰাকীয়ে আজি মুৰ্চিদাবাদ জিলাৰ ছমচেৰগঞ্জৰ প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে আৰু যোৱা ১২ এপ্ৰিলত উন্মত্ত জনতাই হত্যা কৰা পিতা-পুত্ৰৰ পৰিয়ালক সাক...

April 19, 2025 9:03 PM

views 28

মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিং

ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত চোটৰাণীয়ে আজি ছেমিফাইনেলত হংকঙৰ অষ্টম বাছনিপ্ৰাপ্ত চি হিমৱঙক ৩-১ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত পাকিস্ত...

April 19, 2025 8:17 PM

views 42

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানলৈ প্ৰধানমন্ত্রীক আমন্ত্রণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্রীক আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে শ্রীমোদীক অসম জৈৱ ইথানল প্রকল্প উদ্বোধন আৰু ৫ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপ...

April 19, 2025 8:15 PM

views 25

যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে আজি অসম ভ্ৰমণ কৰি ভাৰতমালা প্ৰকল্পৰ অধীনত যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্ৰকল্পৰ অধীনত ...

April 19, 2025 8:13 PM

views 25

ৰাজ্যত কাইলৈ অগ্নি নির্বাপক সেৱা সপ্তাহৰ সামৰণি

ৰাজ্যত যোৱা ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ কাইলৈ সামৰণি পৰিব। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ  বিভিন্ন পৰামৰ্শ জাৰি ক...