ভাৰত আৰু ইংলেণ্ডৰ মাজত হেডিংলিত অনুষ্ঠিত এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচৰ আৰম্ভণিৰ দিনা কালি ভাৰতে তিনিটা উইকেটৰ বিনিময়ত ৩৫৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমন গীল আৰু সহ-অধিনায়ক ঋষভ পণ্টে আজি আবেলি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব ৷ ভাৰতে কালি প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি য়শস্বী জয়ছোৱাল আৰু কে এল ৰাহুলৰ বেটিঙেৰে দৃঢ় আৰম্ভণি কৰে যদিও কে এল ৰাহুল ৪২ ৰান কৰি ব্ৰাইডন কাৰ্ছৰ বলত আউট হয়। অৱশ্যে য়শস্বী জয়ছোৱালে তেওঁৰ টেষ্ট ক্ৰিকেটৰ পঞ্চমটো শতক অৰ্জন কৰি চাহ বিৰতিৰ পিছত বেন ষ্টোকৰ বলত আউট হয়। কালি টেষ্ট অভিষেক ঘটা সাই সুদর্শনে মাত্র ৪টা বল খেলি কোনো ৰান নকৰাকৈ আউট হয়। শুভমন গীলে সুন্দৰ প্ৰদৰ্শনেৰে প্ৰথমখন টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে শতক অৰ্জন কৰা বিজয় হাজাৰে, সুনীল গাভাস্কাৰ, দিলীপ ভেংচৰকাৰ আৰু বিৰাট কোহলীৰ পাছতে প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈৰ তালিকাত নিজৰ নাম সংযোজিত কৰে। গীলে লগতে টেষ্ট ক্রিকেটত দুহেজাৰ ৰান সম্পূৰ্ণ কৰে। ঋষভ পণ্টেও টেষ্ট ক্রিকেটত তিনি হাজাৰ ৰান অতিক্ৰম কৰে। নতুন নেতৃত্বৰ অধীনত ভাৰতৰ যুৱ ক্রিকেট দলটোৱে আজি দ্বিতীয় দিনা উল্লেখনীয় সফলতা লাভৰ বাবে চেষ্টা কৰিব।
Site Admin | June 21, 2025 1:08 PM | 1st Test Day Gill’s century and Rishabh Pant’s half century
ভাৰত-ইংলেণ্ডৰ এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনা ভাৰতৰ ৩ উইকেটত ৩৫৯ ৰান সংগ্ৰহ
