নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে BIMSTEC পৰম্পৰাগত সংগীত মহোৎসৱৰ আয়োজন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে এই মহোৎসৱ উদ্বোধন কৰিব। ভাৰত, বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডৰ শিল্পীসকলে এই সংগীত মহোৎসৱত গীত পৰিৱেশন কৰিব। ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদে আয়োজন কৰা সপ্ত সুৰঃ ৭খন ৰাষ্ট্ৰ, এটা ৰাগ শীৰ্ষক এই মহোৎসৱত BIMSTECৰ সাতখন ৰাষ্ট্ৰৰ ভিন ভিন সংগীত পৰম্পৰা উদযাপন কৰা হ’ব। মহোৎসৱৰ উদ্বোধনী কাৰ্যসূচীক BIMSTEC সহযোগিতাৰ গুৰুত্বপূৰ্ণ সাংস্কৃতিক মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হৈছে। চলিত বৰ্ষৰ এপ্ৰিলত থাইলেণ্ডত অনুষ্ঠিত BIMSTEC সন্মিলনত আঞ্চলিক সাংস্কৃতিক সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সকলো দর্শকে এই অনুষ্ঠান বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব।
Site Admin | August 4, 2025 6:08 PM | Akashvani News | BIMSTEC
প্ৰথমবাৰৰ বাবে BIMSTECত পৰম্পৰাগত সংগীত মহোৎসৱৰ আয়োজন
