ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত ২০২৬ চনৰ ১ অক্টোবৰ আৰু ২০২৭ৰ ১ মাৰ্চৰ পৰা দুটা পৰ্যায়ত হ’ব লোকপিয়ল

২০১১ চনৰ পাছত দুটা পৰ্যায়ত ভাৰতত প্ৰথমটো লোকপিয়ল অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত দেশৰ মহাপঞ্জীয়কে জাৰি কৰা অধিসূচনা গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাজপত্ৰিকাত প্ৰকাশ পাইছে। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি লাডাখৰ দৰে তুষাৰপাত হোৱা ৰাজ্যৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰ আৰু দেশৰ আন ৰাজ্যৰ বাবে ২০২৭ৰ ১ মাৰ্চৰ পৰা এই পিয়ল আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত হাউছ লিষ্টিং অপাৰেচনৰ অধীনত সম্পত্তি, পাৰিবাৰিক আয়, আৱাসৰ অৱস্থা, সা-সুবিধা আদি তথ্য সংগ্ৰহ কৰা হ’ব। এই পিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত হ’ব আৰু নাগৰিকসকলে ঘৰৰ পৰাই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। দ্বিতীয় পৰ্যায়ত পপুলেচন এনুমাৰেচনৰ অধীনত জনগাঁথনি, আর্থসামাজিক, সাংস্কৃতিক আৰু আন ব্যক্তিগত তথ্য সংগ্ৰহ কৰা হ’ব। স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ জাতিভিত্তিক পিয়ল কৰা হ’ব। যোৱা এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জাতিভিত্তিক পিয়ল লোকপিয়লৰ অংশ হ’ব বুলি ঘোষণা কৰিছিল। লোকপিয়ল ২০২৭ৰ ঘোষণাই মহিলাৰ সংৰক্ষণ বিধেয়ক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাট প্রশস্ত কৰিব। কিয়নো এই লোকপিয়লৰ সমাপ্তিৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেহে লোকসভা আৰু বিধানসভাসমূহত এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা থকা মহিলাৰ সংৰক্ষণ বিধেয়ক কাৰ্যকৰী হ’ব। এই লোকপিয়ল প্ৰক্ৰিয়াত ১৩ হাজাৰ কোটি টকাৰ ব্যয় নির্ধাৰণ কৰি দিয়া হৈছে। প্ৰায় ৩৫ লাখ বিষয়া-কৰ্মচাৰী এই প্ৰক্ৰিয়াত নিয়োজিত হ’ব।

অধিক পঢ়ক

সকলো চাওক