আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ বাবে ১৫জনীয়া দল ঘোষণা কৰিছে। এদিনীয়া দললৈ কুলদীপ যাদৱ আৰু মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন ঘটিছে। যশপ্রীত বুমৰাকো চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ বাবে দলত অন্তর্ভুক্ত কৰা হৈছে। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলৰ বাকী সদস্যসকলৰ ভিতৰত আছে উপ-অধিনায়ক শুভমন গীল, বিৰাট কোহলি, অক্ষৰ পেটেল, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা, উইকেটকীপাৰ ঋষভ পণ্ট, ৱাশ্বিংটন সুন্দৰ, কে এল ৰাহুল, হার্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল। হৰ্ষিত ৰানাক সংৰক্ষিত খেলুৱৈ হিচাপে ৰখা হৈছে। ভাৰতে ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰাৰ বাবে ডুবাইলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে ৬, ৯ আৰু ১২ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেলত অৱতীৰ্ণ হ’ব। ভাৰতক চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ এত স্থান দিয়া হৈছে আৰু দলটোৱে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব। ভাৰত ২৩ ফেব্ৰুৱাৰীত পাকিস্তান আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ সন্মুখীন হ’ব। পাকিস্তান আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্র-ইউ এ ইয়ে আই চি চি চেম্পিয়নছ ট্ৰফীৰ এইবাৰৰ নৱম সংস্কৰণৰ আয়োজন কৰিছে যদিও ভাৰতৰ আটাইকেখন খেল ডুবাইত খেলোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।