ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা

পৰ্যটন মন্ত্ৰালয়ে ছিকিম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত কৰিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কালি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, অৰুণাচলৰ পৰ্যটন মন্ত্ৰী পাচং দৰ্জে চোনা, অসমৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস, ছিকিমৰ পৰ্যটন মন্ত্ৰী ছেৰিং ঠেনডুপ ভূটীয়াৰ উপৰি পর্যাটন মন্ত্ৰালয়ৰ সচিব ভি বিদ্যাৱতী আৰু অকিৰিক্ত সচিব সুমন বিল্লাকে ধৰি ভালেকেইগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অসমৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ কথা উল্লেখ কৰি কয়, যে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলে পর্যটন খণ্ডত উল্লেখনীয় বিকাশৰ সাক্ষী হৈছে। মন্ত্ৰীগৰাকীয়ে সকলোকে অসমৰ মিনি ছুইজাৰলেণ্ড হিচাপে খ্যাত হাফলং ভ্ৰমণ কৰি ইয়াৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ আমন্ত্ৰন জনায়। এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পৰ্যটন খণ্ডসমূহৰ আলোকপাত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।