ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 23, 2024 6:04 PM | General Election

printer

২৬ এপ্ৰিলত ১২খন ৰাজ্যৰ ৮৯টা সমষ্টি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

দেশৰ ১২ খন ৰাজ্যৰ ৮৯টা সমষ্টিত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত সামগ্রিকভাৱে এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ৰ উল্লেখযোগ্য প্রার্থীৰ ভিতৰত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা ভূপেশ বাঘেল, জনতা দল এছৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামী, কংগ্ৰেছ নেতা শশী থাৰুৰ, লোকসভাৰ বিদায়ী অধ্যক্ষ ওম বিৰলা, ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল, অভিনেত্ৰী ৰাজনীতিক হেমা মালিনী, কেন্দ্রীয় মন্ত্রী গজেন্দ্ৰ সিং শেখাৱট, কেন্দ্রীয় মন্ত্ৰী মহেশ শৰ্মা আদি । ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়ানাড় সমষ্টিত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাজস্থানৰ কোটা সমষ্টিত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি প্রার্থী হিচাপে অৱতীৰ্ণ হৈছে। পূৰ্বৰ দুয়োটা নির্বাচনতে জয়ী হৈ সাংসদ হোৱা হেমা মালিনীয়ে এইবাৰ পুনৰ মথুৰা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে। কেৰালাৰ তিৱন্তনপুৰমত কংগ্ৰেছ নেতা শশী থাৰুৰে প্ৰতিদ্বন্দ্বিতা কৰিছে।