ডাউনলোড
মোবাইল এপ

android apple
signal

আৰক্ষী, অগ্নিনির্বাপণ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ ১,০৯০গৰাকী কৰ্মীলৈ ৰাষ্ট্ৰপতিৰ পদক

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নির্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ এহেজাৰ ৯০ গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। অসমৰ ১৭ গৰাকী আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিলৰঞ্জন দাসে সাহসিকতাৰ আৰক্ষী পদক লাভ কৰিছে। একেদৰে আৰক্ষী মহাপৰিদৰ্শক সংযুক্তা পৰাশৰ, আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং, কামাণ্ডেণ্ট জয়শ্ৰী খেচা, আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, আৰক্ষী অধীক্ষক নুমল মাহাট্টা, কামাণ্ডেণ্ট দেৱাশীষ বৰা, কামাণ্ডেণ্ট টাবুৰাম পেগু, উপ- আৰক্ষী অধীক্ষক নির্মল চন্দ্র বিশ্বাস, আৰক্ষী পৰিদৰ্শক ললিত শ‍ইকীয়া, উপ-পৰিদৰ্শক অখিল কুমাৰ দাস, পৰিদৰ্শক ধ্ৰুৱ ছৰ্কি, সহকাৰী কামাণ্ডেণ্ট নবীন চন্দ্ৰ শৰ্মা আৰু উপ-পৰিদৰ্শক ৰবীন্দ্ৰ সিন্হাই বিশিষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰিছে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত সাহসিকতা আৰু বীৰত্ব দেখুওৱাৰ বাবে অসম সন্তান মেজৰ ভাৰ্গৱ কলিতাসহ ১৫ গৰাকী প্ৰতিৰক্ষা বাহিনীৰ বিষয়াক ৰাষ্ট্ৰপতিৰ সেনা শৌৰ্যচক্র পদক আগবঢ়োৱা হৈছে। উল্লেখ্য যে শৌর্যচক্ৰ লাভ কৰা মেজৰ ভাৰ্গৱ কলিতা কামৰূপৰ পলাশবাৰীৰ নিবাসী। জম্মু-কাশ্মীৰৰ পুলৱামা, অৱন্তিপুৰ, বদগাম, শ্রীনগৰৰ দৰে অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত মেজৰ ভাৰ্গৱ কলিতাই সাহসিকতাৰ পৰিচয় দিছিল। মেজৰ কলিতাৰ নেতৃত্ব হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত কেইবাটাও সন্ত্রাসবাদীক ধৰা পৰাৰ লগতে নিহত হৈছিল। পলাশবাৰীৰ অৱসৰ প্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পুত্ৰ ৰাষ্ট্ৰপতিৰ শৌর্যপদক লাভ কৰা মেজৰ ভাৰ্গৱ কলিতা ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।