নৱবৰ্ষৰ আজি পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ আৰু আন আন ধর্মীয় স্থানসমূহত ভক্তসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। শক্তিপীঠ কামাখ্যা মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰ, বশিষ্ঠ মন্দিৰকে ধৰি আন আন ধর্মীয় স্থানসমূহতো ভক্তসকলে পূজা-অৰ্চনা আগবঢ়াই বছৰটোলৈ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰিছে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত নৱবৰ্ষ উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ পহিলা দিনটোত বনভোজস্থলীসমূহতো পুৱাৰে পৰা জনসাধাৰণৰ সমাগম পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, ৰাণী, টেঘেৰিয়া, পানীখাইতি, হাতীশিলাকে ধৰি বিভিন্ন অঞ্চলত আজি পুৱাতেই বহুলোক বনভোজৰ আনন্দ উপভোগৰ বাবে সমবেত হৈছে। বৰপেটা জিলাৰ বাঘবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ, সৰভোগৰ বেঁকী নদীৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হৈছে। নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে জিলা প্রশাসনসমূহে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ পাৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ষোড়শ চানডুবি মহোৎসৱ অনুষ্ঠিত হৈছে। এই মহোৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হয়। আজি পুৱা ৮ বজাত এই মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কাইলৈ সাংস্কৃতিক কাৰ্যসূচী আৰু পৰহিলৈ জনজাতীয় সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতি বিষয়ত আলোচনাসত্ৰ অনুষ্ঠিত হ’ব।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালিৰে পৰা ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কালি অসমৰ এখন নিভাঁজ গাঁৱক প্ৰতিফলিত কৰি প্ৰদৰ্শনী মুকলি কৰা হয়। অহা ৪ জানুৱাৰীলৈকে চলিবলগীয়া এই উৎসৱত বিভিন্ন কাৰ্যসূচী থাকিব।