■ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলে স্নাতক ডিগ্রী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ-মাতৃৰ পৰা ধন ল’বলৈ কুণ্ঠাবোধ কৰে। যুৱক-যুৱতীসকলৰ মানসিক চাপৰ এই সমস্যা সহানুভূতিৰে লক্ষ্য কৰি অসম চৰকাৰে এই পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ ড° শৰ্মাই এই অনুষ্ঠানত লগতে কয়, যে এবছৰৰ আৰ্থিক সহায়ে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে লক্ষ্যত উপনীত হোৱাত উনি যোগাব। এই ধৰণৰ পদক্ষেপ দেশৰ কোনো ৰাজ্যতে গ্ৰহণ কৰা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক-যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিকে ধৰি অন্যান্য ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে দুহেজাৰ ৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা ২০২৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।