ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

■ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে

● চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ আজি কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে। বিমানবন্দৰত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনায়৷

ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ লৈ অহা হৈছে। বাসগৃহত আত্মীয়-স্বজনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱাৰ পাছত অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। নৱগ্ৰহ শ্মশানত আজি বিয়লি ৰাজ্যিক মর্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত কালি পুৱা শিল্পীগৰাকীৰ মৃত্যু হয়।
নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে কলকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনস্ট্রুমেণ্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি গৱেষণাৰ কাম আৰম্ভ কৰে। কিন্তু গৱেষণাৰ কাম তেওঁ আধাতে এৰি পৰৱৰ্তী সময়ত প্ৰখ্যাত বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত সংগীতৰ শিক্ষা গ্ৰহণ কৰে। সেই সময়তে তেওঁ কেইবাখনো হিন্দী চলচ্চিত্ৰ সংগীতত বাঁহী বজাইছিল। পৰৱৰ্তী সময়ত দীপক শৰ্মাই জুবিন গাৰ্গৰ বহু জনপ্রিয় গানত বাঁহীৰ সুৰ দিছিল। কেৱল এয়াই নহয় মুম্বাইত থকাৰ সময়তে তেওঁ দক্ষিণ আফ্ৰিকালৈ বাঁহী বাদনৰ বাবে আমন্ত্ৰিত হৈছিল। ইয়াৰ পিছত তেওঁ ছুইজাৰলেণ্ড, জার্মানী, পোলেণ্ড, ফ্রান্স আদিকে ধৰি ৪২ খন দেশত অনুষ্ঠান পৰিবেশন কৰিছিল।
আকাশবাণীৰ বি-হাইগ্ৰেড লাভ কৰা শিল্পীগৰাকী আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত সংগীত পৰিচালকো আছিল। তেওঁ কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনাও কৰিছিল।