■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমণা বিহে। জৰিমণা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভূগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটা থানাৰ অন্তৰ্গত আই পোৱালি এলেকাত এগৰাকী নাবালিকাক ইমানুৱেল বেচেৰা আৰু এই দুগৰাকী অভিযুক্তৰ লগতে আন দুজন নাবালকে ধৰ্ষণ কৰিছিল। ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পাঁচোগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও নাবালক দুজনক কৈশোৰ অপৰাধীৰ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত ৰুণীখাটা আৰক্ষীয়ে বাকী তিনিগৰাকী অভিযুক্তৰ বিৰুদ্ধে কাজলগাঁও আদালতত অভিযোগনামা দাখিল কৰে। অৱশ্যে ঘটনাৰ এগৰাকী মূল অভিযুক্ত ইমানুৱেল বেচেৰাই কাৰাগাৰৰ পৰা জামিন লাভ কৰাৰ পাছত আত্মহত্যা কৰে। কাজলগাঁও ছেচন ন্যায়াধীশৰ আদালতে বাকী দুগৰাকী অভিযুক্তক দৃষ্টান্তমূলক শাস্তি বিহে।