ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি দেশখনলৈ গৈছে। মুখ্যমন্ত্ৰীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্রবাসী ভাৰতীয়সকলে আন্তৰিকতাৰে আদৰণি জনায়। ড০ শৰ্মাই জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান চন্মগৰত্নমক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰে। তেওঁ অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ববেংকৰ অধ্যক্ষ অজয় বাংগাকো সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
এই সন্মিলনত ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে। ডাভ’ছত বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কার্যবাহী বিষয়া, বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববীসকলৰ লগত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত অসমক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী ড০ শৰ্মা হৈছে প্ৰথমগৰাকী অসমীয়া। এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত ৰাজ্যখনক আগশাৰীলৈ লৈ যোৱাৰ দিশত সহায়ক হব। মুখ্যমন্ত্ৰীয়ে এই ফ’ৰামত কমেও ১৭ খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ ৫৬ সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ ৩ হাজাৰৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা আছে। অহা ২৩ জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব।
Site Admin | January 19, 2026 6:54 PM | Akashvani Guwahati | Chief Minister Himanta Biswa Sarma | CMO Assam
ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ছুইজাৰলেণ্ডত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা