ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত আজি নিচেই পুৱাতে ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা মতে সংগ্ৰহালয়টোৰ পৰা ওলাই অহাৰ সময়তে ইজৰাইলী দূতাবাসৰ এজন পুৰুষ আৰু এগৰাকী মহিলা কৰ্মচাৰীক বন্দুকধাৰীয়ে অতর্কিতে আক্ৰমণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীৰ সচিব ক্ৰিষ্টি ন’ৱেমে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত এই ঘটনাৰ বিষয়ে নিশ্চিত কৰি ইয়াক কাণ্ডজ্ঞানহীন হত্যাকাণ্ড বুলি অভিহিত কৰে। তেওঁ লগতে সংশ্লিষ্ট কর্তৃপক্ষই ঘটনাটোৰ বিষয়ে তৎপৰতাৰে অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে। মার্কিন যুক্তৰাষ্ট্ৰৰ ইজৰাইলী ৰাষ্ট্রদূত ডেনি ডেননে এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। ইহুদী সম্প্ৰদায়ৰ অনিষ্ট কৰাৰ ঘটনাই সীমা চেৰাই গৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ লগতে কয়, যে ইজৰাইলে সমগ্ৰ বিশ্বতে ইয়াৰ নাগৰিক আৰু প্ৰতিনিধিসকলক সুৰক্ষা প্ৰদান কৰি যাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।