ৱাকফ সংশোধনী বিধেয়ক, ২০২৪ৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীৰ খচৰা প্ৰতিবেদনত অনুমোদন

ৱাকফ সংশোধনী বিধেয়ক, ২০২৪ চালি-জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীয়ে আজি ইয়াৰ খচৰা প্ৰতিবেদনত অনুমোদন জনায়। নতুন দিল্লীৰ আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত এই ৩১ জনীয়া কমিটীখনৰ অধ্যক্ষ জগদম্বিকা পালে কয়, যে কমিটীখনে বিধেয়কখনৰ ১৪ নম্বৰ দফা সম্পৰ্কীয় সংশোধন গ্ৰহণ কৰিছে। তেওঁ কয়, যে এই প্রতিবেদন কাইলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত দাখিল কৰা হ’ব। বিগত ছমাহত বিধেয়কখন সন্দৰ্ভত বিশদভাৱে আলোচনা হোৱা বুলি শ্ৰী পালে প্ৰকাশ কৰে। ইপিনে, কমিটীখনত অন্তৰ্ভুক্ত বিৰোধী পক্ষৰ সাংসদসকলে প্ৰতিবেদনখন গ্ৰহণক লৈ প্রশ্ন উত্থাপন কৰিছে। ডি এম কেৰ সাংসদ এ ৰাজাই কৈছে, যে প্রতিবেদনখন খৰখেদাকৈ গ্ৰহণ কৰা হৈছে। একেদৰে কংগ্ৰেছৰ নাছিৰ হুছেইনে তেওঁলোকে আগবঢ়োৱা ভালেমান পৰামৰ্শ প্ৰতিবেদনখনত অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি মন্তব্য কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী, শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ অৰবিন্দ ছাৱন্ত আৰু বিৰোধী পক্ষৰ অন্য সাংসদসকলে বিধেয়কখনৰ বিৰোধিতা কৰি তেওঁলোকে মতভেদৰ টোকা দাখিল কৰা বুলি প্ৰকাশ কৰিছে।