ৱকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ে এই গোচৰটোৰ শুনানি কাইলৈৰ পৰা প্ৰতি দিনে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত খণ্ড আদালতে আজি দিনৰ ২ বজাৰ পৰা এই গোচৰটোৰ শুনানি আৰম্ভ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱফ সংশোধনী আইনৰ সপক্ষে আগবঢ়োৱা যুক্তি শুনে। ছলিচিটৰ জেনেৰেলগৰাকীয়ে এই ক্ষেত্ৰত ন্যায়ালয়ে কোনো অন্তৱৰ্ত্তীকালীন আদেশ জাৰি কৰাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পাছত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিজৰ শপতনামা দুসপ্তাহৰ ভিতৰত দাখিল কৰাৰ বাবে জাননী জাৰি কৰে। শুনানিৰ সময়ত আদালতে দেশৰ বিভিন্ন অংশত ৱক্ফ আইনক লৈ সৃষ্টি হোৱা হিংসাত্মক প্রতিবাদ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু এই পৰিস্থিতি শীঘ্ৰেই নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে লোকসভাৰ সাংসদ তথা কংগ্ৰেছৰ মুখ্য সচেতক মহম্মদ জাভেদ, অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদি মুছলমিনৰ হৈ ইয়াৰ মুৰববী আছাদউদ্দিন ওরেছি, এছোচিয়েচন অব চিভিল ৰাইটছ, জামায়াত উলেমা-ই-হিন্দ, অল ইণ্ডিয়া মুছলিম পার্চনেল ল বোর্ডকে ধৰি কেইবাটাও সংগঠনে এই আইনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম, হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিশগড় আৰু উত্তৰাখণ্ডে এই আবেদনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।
Site Admin | April 16, 2025 7:47 PM | Waqf Act - SC
ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ
