ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে আজি ৰাজ্যখনৰ বাবে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি সাতখন ৰে’ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে। অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল কেইখনে মুজাফ্ফ্ফৰ পুৰৰ পৰা সৰলাপল্লী, দ্বাৰভাংগাৰ পৰা মাদাৰ জংছন আৰু ছাপ্পাৰ পৰা আনন্দ বিহাৰ টার্মিনেলক সংযোগ কৰিব। ৰেল মন্ত্রী শ্রী বৈষ্ণৱে আজি নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে পাটনা জংছনৰ পৰা এই ৰেল কেইখনৰ চলাচলৰ শুভাৰম্ভ কৰে। নাৱাদা, ইছলামপুৰ, বক্সাৰ আৰু ঝাঝা নগৰক সংযোগ কৰি চাৰিখন যাত্রীবাহী ৰেলৰো আজি শুভাৰম্ভ কৰা হয়। অমৃত ভাৰত ৰে’ল গাড়ীকেইখনৰ শুভাৰম্ভৰ লগে লগে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উন্নত হ’ব বুলি আশা কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত ৰে’ল মন্ত্ৰী শ্ৰী বৈষ্ণৱে কয়, যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিহাৰৰ লগতে সমগ্ৰ দেশৰ উন্নয়নৰ বাবে বৃহৎ পৰিকল্পনা লৈছে। প্রধানমন্ত্রী গৰাকীৰ নেতৃত্বত ৰাজ্যখনত ভালেসংখ্যক ৰেল প্রকল্প সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | September 29, 2025 6:00 PM | Amrit Bharat Express Train | Awashini Biashnav
ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি সাতখন ৰে’ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে