December 7, 2025 11:45 AM | Indian Railway

printer

ৰে’ল বিভাগৰ একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে’লৰ দিহা

ৰে’ল বিভাগে কালিৰে পৰা একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে’লৰ দিহা কৰিছে। বিমান সেৱা বাতিল আৰু শীতকালীন কিছু সমস্যাক কেন্দ্ৰ কৰি এই বিশেষ ৰে’লসমূহৰ ব্যৱস্থা কৰা হৈছে। ৰে’ল যাত্ৰাৰ চাহিদ বৃদ্ধি কৰাৰ লগতে ৰে’লৰ সুচল যাত্ৰাক সমৰ্থন কৰা আৰু পৰ্যাপ্ত সংযোগ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মধ্য ৰে’লৱেত পুনেৰ পৰা বেংগালুৰুলৈ, পুনেৰ পৰা দিল্লীলৈ আৰু মুম্বাইৰ পৰা দিল্লীলৈকে ১৪ খন বিশেষ ৰে’লৰ দিহা কৰিছে। পশ্চিম ৰে’লৱেত ভিৱানীৰ পৰা মুম্বাইলৈ আৰু মুম্বাইৰ পৰা চকুৰবস্তিকে আদি কৰি বিভিন্ন পথত ৭ খন বিশেষ ৰে’ল চলাচল কৰিছে একেদৰে দক্ষিণ-মধ্য ৰে’লৱেত চেলাপল্লিৰ পৰা শালিমাৰলৈ, চিকন্দ্ৰাবাদৰ পৰা চেন্নাই এগম’ৰলৈকে আৰু হায়দাবাদৰ পৰা মুম্বাইলৈ ৩ খন বিশেষ ৰে’লৰ দিহা কৰিছে।