October 4, 2024 7:51 PM | Ashwini Baishnav

printer

ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ’ব : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ’ব বুলি নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে নাচিকত আয়োজিত ৰেল সুৰক্ষা বাহিনীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কুছকাৱাজ প্ৰত্যক্ষ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ মধ্যবিত্ত তথা দৰিদ্ৰসকলৰ বাবে ৰেল হৈছে যাতায়তৰ আহিলা। সেয়েহে চৰকাৰে গৱেষণা, নিৰাপত্তা তথা মানৱ সম্পদৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে সংশ্লিষ্ট বিভাগত প্রয়োজনীয় বিনিয়োগ কৰিছে। কিছুসংখ্যক ৰাজনৈতিক দলে ৰেল বিভাগৰ ব্যক্তিগতকৰণ সন্দৰ্ভত উৰা বাতৰি বিয়পোৱা বুলি উল্লেখ কৰি তেঁও দৃঢ়তাৰে কয় যে, ৰেল বিভাগৰ ব্যক্তিগতকৰণ কৰা নহ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।