ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 29, 2025 10:49 AM | Indian Railway | RPF

printer

ৰেলৱে সুৰক্ষা বাহিনীৰ যোৱা ১৮-২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা ১৮ৰ পৰা ২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰে প্ৰকাশ কৰা মতে ১৮-১৯ ছেপ্তেম্বৰত আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ পৰা তিনিটি নাবালকক উদ্ধাৰ কৰাৰ লগতে বাৰচৈ, নিউ কোচবিহাৰ, কামাখ্যা, নিউ জলপাইগুৰি আৰু চাপৰমুখৰ পৰা ২০-২১ ছেপ্তেম্বৰত ১১টি নাবালকক উদ্ধাৰ কৰা হয়। একেদৰে ২২-২৩ ছেপ্তেম্বৰত লামডিং আৰু কিষাণগঞ্জৰ পৰা এটি কন্যা শিশুকে ধৰি ৫টি নাবালকক উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা শিশুসকলক পাছত পিতৃ-মাতৃ, চাইল্ড লাইন, স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয় আৰক্ষীক গতাই দিয়া হয়। মেৰি ছহেলী পদক্ষেপৰ অধীনত মহিলা ৰেলৱে সুৰক্ষা বাহিনীয়ে মহিলা যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ২৪ ঘণ্টাই কাম-কৰি আছে বুলি জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।