ভাৰতীয় ৰে’লৱে গোলকীয় মান নিৰ্ধাৰণ কৰিব পৰা এটা স্থিতিত উপনীত হৈছে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে সাজু আছে। নতুন দিল্লীত কালি ৰে’লৱেৰ ১০০ গৰাকী বিষয়াক ৭০ সংখ্যক অতি বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ প্ৰদান কৰি দিয়া ভাষণত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইদৰে কয়। এই অনুষ্ঠানতে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰে’লৱে সংমণ্ডলক পুৰস্কাৰ স্বৰূপে ২৬ শিল্ড প্রদান কৰা হয়। ভাৰতীয় ৰে’লৱেলৈ আগবঢ়োৱা অসাধাৰণ আৰু নিদৰ্শনমূলক সেৱাৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ প্ৰদান কৰা হয়। শ্রীবৈষ্ণৱে কয়, যে ভাৰতীয় ৰে’লৱে ২০২৬ চনৰ বাবে ছটা নতুন সংকল্প লৈছে। এই সংকল্পকেইটা হৈছে ৫২ সপ্তাহৰ ভিতৰত পদ্ধতিগত সংস্কাৰ, ৰে’লসেৱাৰ নিৰ্ভৰশীলতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰযুক্তি তথা কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, ৰে’ল ব্যৱস্থাপনাৰ মান উন্নীত কৰা, সুৰক্ষা বৃদ্ধি আৰু ঔপনিৱেশিক মানসিকতা পৰিহাৰ কৰা। শ্রীবৈষ্ণৱে লগতে কয়, যে এটা নতুন প’ৰ্টেলে ভাৰতীয় ৰে’লৱেক ষ্টার্টআপ আৰু উদ্ভাৱকসকলৰ সৈতে সংযোগ কৰিব আৰু ব্যৱস্থাপনা কার্যত কৃত্রিম বুদ্ধিমত্তাক ব্যাপকভাৱে ব্যৱহাৰ কৰা হ’ব।
Site Admin | January 10, 2026 12:10 PM | Rail Worker Award
ৰে’লৱেৰ ১০০ গৰাকী বিষয়ালৈ ৭০ সংখ্যক অতি বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ প্ৰদান