ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 13, 2024 7:30 PM | NF Railway | Railway

printer

ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদৰ বাবে ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন উত্তৰ পূৱ সীমান্ত ৰে’লৱে

উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, যে এই সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও খণ্ডত চিগনেলিং প্রণালী উন্নীত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২৪ চনৰ নৱেম্বৰ মাহৰ সময়ছোৱাত কাতিহাৰৰ ৪ খন লেভেল ক্ৰছিং গেট, আলিপুৰ দুৱাৰৰ এখন আৰু লামডিং মণ্ডলৰ দুখন লেভেল ক্ৰছিং গেটৰ শাইদিং বুম স্থাপন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ২৫ খন লেভেল ক্ৰছিং গেটক চিষ্টেম ইনটেগ্রেটিক পৰীক্ষণ সম্পন্ন কৰা হৈছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ইয়াৰ সকলো গ্ৰাহকৰ বাবে উৎকৃষ্ট সমায়নুৱৰ্তি আৰু সুৰক্ষিত ৰে’লৱে অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে নিষ্ঠাৰে সৈতে কাম কৰি আহিছে।