ৰে’লসেৱাক অধিক জনমুখী কৰি তোলাৰ লক্ষ্যৰে অসম ৰে’লযাত্রী সংস্থাৰ উদ্যোগত আজি গুৱাহাটীত অনুষ্ঠিত মুকলি আলোচনাত অসমৰ ৰে’লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপৰ সাহিত্য সভা ভৱন চৌহদৰ ৰাধা গোৱিন্দ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত এই আলোচনাত ভালেসংখ্যক বক্তাই অসমত শীঘ্রেই বিদ্যুৎচালিত স্থানীয় ৰে’ল প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে। এই সভাত শিক্ষাবিদ, ব্যৱস্থাপনা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি শান্তিকাম হাজৰিকা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, অসম নাট্য সম্মিলনৰ নবনির্বাচিত সভাপতি জিতেন শর্মা, অধিবক্তা নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, জ্যেষ্ঠ সাংবাদিক মনি মহন্ত, ত্রিদিপ লহকৰ, সক্ৰিয় ৰাজহুৱা কৰ্মী নয়নজ্যোতি ভূঞা, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰাক্তন জনসম্পৰ্কৰক্ষী বিষয়া ৰবিন বৰা, নিবন্ধকাৰ চিকিৎসক ডাঃ নভনীল বৰুৱা, আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতি ড০ ভবেন চৌধুৰীৰ উপৰি কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্রশাসনিক বিষয়া তথা অসম ৰে’লযাত্ৰী সংস্থাৰ বিভিন্ন স্থানৰ প্ৰতিনিধিসকলে অংশ লয়। সভাত গৃহীত প্রস্তাব অনুযায়ী ৰাজ্যখনৰ জাতীয় সংগঠনসমূহৰ অসমৰ ৰে’লযাত্ৰীসকলৰ সমস্যা সন্দৰ্ভত স্থিতি সম্পৰ্কত জানিবলৈ সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাক কর্তৃত্ব দিয়া হয়। ৰাজনৈতিক সদিচ্ছা অবিহনে এই সমস্যাসমূহৰ সমাধান সম্ভৱ নহয় বুলি সভাই প্রকাশ কৰে। সভাই লগতে কোভিডৰ পূৰ্বৰ সময়ছোৱাত চলাচল কৰা ৰে’লসমূহৰ পুনৰ চলাচল কৰোৱা, উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেক পুনৰগঠন কৰাকে ধৰি কেইবাটাও দাবী কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ তথা ৰে’ল কর্তৃপক্ষলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। অনুষ্ঠানটোৰ সঞ্চালনা কৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৰ লোচন বৰঠাকুৰে।
Site Admin | October 19, 2025 8:40 PM | Assam Train Passenger Association | Indian Railway
ৰে’লযাত্রী সংস্থাৰ উদ্যোগত গুৱাহাটীত অসমৰ ৰে’লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা