ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 25, 2024 11:27 AM | Cyclone

printer

ৰেমাল নামৰ ঘূৰ্ণী বতাহজাক কাইলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণী বতাহজাকে কাইলৈ প্রচণ্ড ঘূৰ্ণী বতাহৰৰূপত পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপ বলয়ে কালি প্রতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ পূব দিশে গতি কৰে আৰু সম্প্ৰতি ই সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ৬২০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱত আৰু পশ্চিমবংগৰ কেনিঙৰ পৰা ৬৭০ কিলোমিটাৰ দক্ষিণত কেন্দ্ৰীভূত হৈ আছে। এই নিম্নচাপ বলয় উত্তৰ-উত্তৰ পূব দিশে অধিক অগ্ৰসৰ হোৱাৰ আৰু কাইলৈ পুৱাৰ ভাগলৈ পূব মধ্য বংগোপসাগৰত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত বতাহজাকে উত্তৰ দিশে গতি কৰিব আৰু কাইলৈ মাজনিশালৈ প্ৰচণ্ড ঘূর্ণী বতাহলৈ ৰূপান্তৰিত হ’ব। বতাহজাকে কাইলৈ মাজনিশা সাগৰ দ্বীপ আৰু খেপুপাৰাৰ মাজেৰে বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূল ভাগক পা কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত প্ৰতি ঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে । বতাহৰ বেগ প্রতি ঘণ্টাত ১৩০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।