সমগ্ৰ ৰাজ্যতে আজি অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম হোতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰে ১৭ জানুৱাৰীত তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি, নাটক, সংগীত, সাহিত্য, চলচ্চিত্র আদি বিভিন্ন দিশত মহান শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অৱদানসমূহৰ বিষয়ে স্মৰণ কৰা হয়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়া সংস্কৃতিক নৱ চেতনাৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী অসমীয়া কথাছবি পথদ্রষ্টা, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ ৰূপকোঁৱৰৰ চিন্তা-চেতনাই আমাৰ সমাজ জীৱন আলোকিত কৰিব বুলি আশা প্রকাশ কৰে ৷
বাক্সা জিলাৰ বাগানপাৰাত কালিৰে পৰা দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ কলিতাই দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ কালি মূল দুৱাৰ মুকলি কৰে। আজি হ’বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকিব।
গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু আগিয়া শতদল শাখা সাহিত্য সভাৰ সহযোগত জিলাখনৰ উপদ বিলৰ বাকৰিত শিল্পী দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পতাকা উত্তোলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন, মাল্যার্পন, সাহিত্যানুষ্ঠান, আৰু মুকলি সভা অনুষ্ঠিত হ’ব।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ডিব্ৰুগড় জিলাৰ তামোলবাৰীত আজি বন্তি জ্বলাই শিল্পীগৰাকীৰ ৭৫ সংখ্যক মৃত্যু তিথি পালন কৰা হ’ব।
শিৱসাগৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত আজি স্থানীয় জিলা পুথিভঁৰাল প্ৰাংগণত শিল্পী দিৱস ২০২৬ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ছাত্র-ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত জ্যোতি সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুকলি সভাৰো আয়োজন কৰা হৈছে।