ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 3, 2024 6:22 PM | BJP Protest

printer

ৰাহুল গান্ধীৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে মত প্ৰকাশৰ অভিযোগত দিল্লী বিজেপিৰ প্ৰতিবাদ

কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে মত প্ৰকাশ কৰাৰ অভিযোগত দিল্লীৰ বিজেপি নেতাসকলে আজি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লীৰ বিজেপিৰ সাংসদ বাঁচুৰি স্বৰাজে শ্রীগান্ধীৰ বিৰুদ্ধে দায়িত্বহীন মন্তব্য প্ৰকাশৰ অভিযোগ উত্থাপন কৰে। সাংসদ গান্ধীয়ে তুষ্টিকৰণৰ ৰাজনীতিৰ আশ্ৰয় লৈ এনেদৰে মন্তব্য প্ৰকাশ কৰা বুলিও তেওঁ অভিযোগ কৰে। আনহাতে ৰাহুল গান্ধীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে, তেওঁ প্ৰকাশ কৰা মন্তব্য দৰাচলতে বিজেপিৰ প্ৰতিহে আছিল, কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে তেওঁ কোনোধৰণৰ মত প্ৰকাশ কৰা নাছিল।