December 25, 2025 11:15 AM | Ashwini Vaishnaw

printer

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ সফলতাৰ শলাগ লোৱাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কৃতজ্ঞতা প্রকাশ

লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ সফলতাৰ শলাগ লোৱাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৃতজ্ঞতা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী বৈষ্ণৱে শ্ৰীগান্ধীৰ এটা বাৰ্তা প্ৰকাশ কৰি কয় যে, চৰকাৰে প্রধানমন্ত্ৰীৰ আদৰ্শক ৰূপায়িত কৰাৰ বাবে ভাৰত বর্তমান এখন উৎপাদনশীল ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। ইপিনে শ্রীগান্ধীয়ে এটা বাৰ্তাত কৈছে যে, ভাৰতত দ্রুত উৎপাদনশীলতা প্ৰদৰ্শন কৰা এটা কোম্পানীয়ে মাত্র ৮-৯ মাহৰ ভিতৰতেই ৩০ হাজাৰৰো অধিক কৰ্মচাৰী নিয়োগ কৰিছে। তেওঁ কয় যে, এয়া মাত্ৰ এটা পৰিসংখ্যাই নহয়, বৰং ই নিয়োগ সৃষ্টিৰ পৰিবৰ্তিত ধাৰাকেই প্রতিফলিত কৰিছে।