● অসম মন্ত্রীসভাই নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া ইউৰিয়া প্ৰকল্পৰ কাম কৰি থকা আছাম ভেলী সাৰ আৰু ৰাসায়নিক কোম্পানী লিমিটেডত ১,২৭২.৯ কোটি টকাৰ ইকুইটি বিনিয়োগত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা উল্লেখ কৰে। তেওঁ কয়, যে ১০ হাজাৰ ৬০১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই এম’নিয়া ইউৰিয়া প্ৰকল্পত বছৰি ১২ লাখ ৭ হাজাৰ মেট্রিকটন ইউৰিয়া সাৰ উৎপাদন হ’ব। তদুপৰি এই প্ৰকল্পই ৪৬০ গৰাকী স্থায়ী আৰু এহেজাৰ ৫০০ গৰাকী অস্থায়ী কৰ্মচাৰী নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলিও তেওঁ উল্লেখ কৰে।
মন্ত্রীসভাই চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৰ্তমানৰ ৫৫ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধিত অনুমোদন জনায়।
ইপিনে, শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে লোকনির্মাণ বিভাগক দায়িত্ব অর্পণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। লোকনিৰ্মাণ বিভাগে প্ৰস্তুত কৰা পৰিকল্পনা চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এখন বিশেষ সমিতি গঠন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। এই সমিতিত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ড° পামী বৰঠাকুৰ, শ্যামন্তক গৌতম, পার্থ সাৰথি মহন্ত, বীৰেণ সিংহ, পুলক বেনাৰ্জী, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, দুলাল মান্কি আৰু তৰালী শৰ্মা সদস্য হিচাপে থাকিব।
মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলিব বুলি প্ৰকাশ কৰি কয়, যে নৱেম্বৰত গোচৰৰ অভিযোগনামা দাখিল কৰা হ’ব।
ড° শৰ্মাই কয়, যে বিচাৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তাক নিয়োগ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত চৰকাৰী অধিবক্তাৰ নাম ঘোষণা কৰা হ’ব।
মন্ত্ৰী সভাই কালি সত্ৰ আয়োগ গঠনৰ উদ্দেশ্যে অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক, ২০২৫ত অনুমোদন জনায়। উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰস্তাৱিত সত্ৰ আয়োগৰ অধ্যক্ষ হিচাপে থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে সত্ৰসমূহৰ পৰা দুগৰাকী সত্ৰাধিকাৰক আয়োগৰ সদস্য হিচাপে মনোনীত কৰিব।