ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অনুষ্ঠিত বীৰ বাল দিৱস কাৰ্যসূচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীমোদীয়ে কয় যে জেনেৰেচন জেড আৰু জেন আলফাৰ যুৱশক্তিয়ে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশক আগবঢ়াই লৈ যোৱা হ’ব। তেওঁ কয় যে যুৱ প্ৰজন্মৰ সৰ্বাংগীন দিশৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মহাকাশ, ক্রীড়া, ফিনটেক, উৎপাদন ক্ষেত্ৰকে ধৰি প্ৰতিটো দিশতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্রধানমন্ত্রীয়ে লগতে প্রকাশ কৰে যে মেৰা যুৱা ভাৰত উদ্যমৰ অধীনত যুৱ প্ৰজন্মক জড়িত কৰাৰ লগতে তেওঁলোকৰ নেতৃত্বৰ দক্ষতা বৃদ্ধিৰ জৰিয়তে ন-ন সুযোগ প্ৰদান কৰাৰ বাবে চৰকাৰে প্ৰয়াস আগবঢ়াই আহিছে। প্ৰতিটো ক্ষেত্ৰতে যুৱক-যুৱতীসকলৰ বাবে ন-ন সুযোগৰ সৃষ্টি হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্রধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলৰ বাবে বৰ্তমান পূৰ্বতকৈ সুযোগ বৃদ্ধি হৈছে। শ্রীমোদীয়ে লগতে প্ৰকাশ কৰে যুৱক-যুৱতীসকলক প্রতিভা, আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষেত্ৰত অধিক দক্ষ কৰি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্রধানমন্ত্রীয়ে কয় যে শিক্ষা নীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংশোধনৰ জৰিয়তে বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়ি তোলা হৈছে। শ্রীমোদীয়ে লগতে জানিবলৈ দিয়ে যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২১ শতিকাৰ আধুনিক শিক্ষা পদ্ধতিৰ ওপৰত ভিত্তিত কৰি প্ৰস্তুত কৰা হৈছে। এই নীতিয়ে ব্যৱহাৰিক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমস্যা সমাধান কৰাৰ দক্ষতা বিকশাই তোলে৷

আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বাল পুৰস্কাৰপ্ৰাপ্ত ২০গৰাকী শিশুৰ সৈতে মত-বিনিময় কৰে। সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, ক্রীড়া আৰু কলাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা শিশুসকলক এই পুৰস্কাৰ প্ৰদান কৰা হৈছে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে শিশুসকলক ৰাষ্ট্ৰ প্ৰথম নীতি চিন্তাধাৰাক নিজৰ জীৱনৰ মাৰ্গদৰ্শন মন্ত্ৰ হিচাপে গ্ৰহণ কৰাৰ আহ্বান জনায়।