অসমে শক্তি সক্ষমতা খণ্ডত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কেইখনমান ৰাজ্যৰ ভিতৰত শ্রেষ্ঠ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেইবাখনো ৰাজ্যক শক্তিখণ্ডত দেখুওৱা উৎকৃষ্টতাৰ বাবে বঁটা প্ৰদান কৰা হয়। শক্তি সক্ষমতা শিতানত উৎকৃষ্ট প্ৰদৰ্শন কৰা ৰাজ্যৰ প্রথম গোটত কর্ণাটকে শীর্ষস্থান লাভ কৰে। দ্বিতীয় গোটত অন্ধ্র প্রদেশে প্রথম স্থান লাভ কৰাৰ বিপৰীতে তৃতীয় গোটত কেৰালাই শীর্ষ স্থান লাভ কৰে। চতুর্থ গোটত অসমে শীর্ষ স্থান লাভ কৰাৰ লগতে পঞ্চম গোটত চণ্ডীগড়ে প্রথম স্থান লাভ কৰে।
শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে দেশৰ শক্তিখণ্ডৰ সামৰ্থ তথা এই ক্ষেত্রত লাভ কৰা সফলতাৰ বিষয়টো অনুধাৱন কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা লাভ কৰা আৰু শক্তি সংৰক্ষণৰ বিষয়ক লৈ আয়োজিত ৰাষ্ট্ৰীয় চিত্রাংকন প্রতিযোগিতাৰ বিজয়ী ব্যক্তিসকলক সম্বর্ধনা জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শক্তি সংৰক্ষণ সম্প্রতি কেবল এটা ঐচ্ছিক বিষয়ে হৈ থকা নাই, বৰঞ্চ ই এটা অপৰিহাৰ্য্য বিষয় হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে সংৰক্ষণ কৰা শক্তিৰ প্ৰতিটো গোটেই প্রকৃতিৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰাৰ লগতে পৰৱৰ্তী প্রজন্মসমূহৰ ভৱিষ্যতৰ প্ৰতি দায়িত্ব তথা সংবেদনশীলতাক প্রতিফলিত কৰে।
ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে লগতে কয় যে শক্তি সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনুষ্ঠানত কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰাপকসকলক শুভেচ্ছা জনাই কয়, যে এই অনুষ্ঠানৰ জৰিয়তে দেশৰ পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ সমান্তৰাল প্রগতি পৰিলক্ষিত হৈছে। তেওঁ লগতে শক্তি সংৰক্ষণ ২০২৫ সন্দৰ্ভত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰপ চিত্রাংকন প্রতিযোগিতাত বিজয়ীসকলকো শুভেচ্ছা জনায়। এই প্রতিযোগিতাত দেশৰ ১ লাখ ১০ হাজাৰ বিদ্যালয়ৰ ৮৩ লাখতকৈও অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।