March 27, 2025 3:56 PM | Akashvani News

printer

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব। পাটনাত আজি এই কথা প্ৰকাশ কৰি আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰে কয়, যে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই নতুন ব্যৱস্থাৰ আৰম্ভ কৰিবলৈ লোৱা হৈছে। বৰ্তমানলৈ দেশৰ ১১ খন জিলাত মুঠ ২৩ টা এনে কেন্দ্ৰ মুকলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। অধ্যক্ষাগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে চৰকাৰী আন্তঃগাঁথনিৰ অধীনত মুকলি কৰিবলগীয়া এই পৰামৰ্শ কেন্দ্রসমূহ সংশ্লিষ্ট জিলা প্রশাসন অথবা পৌৰ নিকায়সমূহে চোৱাচিতা কৰিব। বিবাহপ্রার্থী ডেকা-গাভৰুসকলক সহায় আগবঢ়াবলগীয়া এনে কেন্দ্ৰসমূহে তেওঁলোকৰ প্ৰস্তাৱিত বিবাহ সন্দৰ্ভত সামাজিক মনস্তত্ব তথা অন্যান্য সামাজিক বিষয়সমূহ অধ্যয়ন কৰি প্ৰয়োজনীয় পৰামৰ্শ দান কৰিব।
যৌথ পৰিয়ালসমূহৰ স্থানত ক্রমান্বয়ে একক পৰিয়ালে গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত সমাজত বৈবাহিক সংঘাত, বিবাহ বিচ্ছেদ, বিফল বিবাহ আদিৰ দৰে ঘটনা বৃদ্ধি হোৱা বিষয়টোক উদ্বেগজনক বুলি অভিহিত কৰি তেওঁ লগতে কয়, যে এনে প্রেক্ষাপটতে প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিবলৈ লোৱা হৈছে।