ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজিৰে পৰা স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে। কৰ্মচাৰীসকলৰ সংশোধিত দৰমহাৰ হাৰ বলৱৎ কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী সম-কামৰ বিপৰীতে সম-দৰমহা আৰু সম-অধিকাৰ প্ৰদানৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে ২০২১ চনত অসম ৰাজপত্ৰৰ জাননী অনুযায়ী সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰো পেন্সন, মৃত্যুৰ পৰৱৰ্তী সা-সুবিধা আৰু অন্যান্য সা-সুবিধাসমূহ প্ৰদান কৰাৰ বাবেও ধৰ্মঘটৰ জৰিয়তে কৰ্মচাৰীসকলে চৰকাৰক আহ্বান জনাইছে। বজালী জিলাত এই উদ্দেশ্যেৰে ছহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনেৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ডিব্ৰুগড় জিলাতো যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত স্বাস্থ্য কৰ্মীসকলে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰাতো ছদিহ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় প্ৰাংগণত স্বাস্থ্য কর্মীসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্বনাথ জিলা আৰু চৰাইদেউ জিলাৰ সদৰ সোণাৰীতো একেদৰে আজিৰে পৰা তিনিদিনীয়াকৈ ধর্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ধেমাজি, দৰং, ওদালগুৰি জিলাতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে ধর্মঘটত অংশগ্ৰহণ কৰে।