ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। দেশ বিভাজনৰ বিভীষিকাৰ সময়ত স্থানচ্যুত লাখ লাখ পৰিয়ালক সীমিত সম্পদেৰে আৰ এছ এছে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে দেশক শক্তিশালী কৰাৰ বাবে আৰ এছ এছে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ১০০ বছৰীয়া যাত্ৰাত আৰ এছ এছে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত আত্ম-সচেতনতা আৰু গৌৰৱ কঢ়িয়াই অনাত বিশেষ ভূমিকা গ্রহণ কৰিছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ অতি দুর্গম অঞ্চলসমূহৰ লগতে ১০ কোটিৰো অধিক জনজাতীয় লোকক আৰ এছ এছে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছে। চৰকাৰে এইসমূহ সম্প্ৰদায়ক উপেক্ষা কৰিছিল যদিও আৰ এছ এছে তেওঁলোকৰ সংস্কৃতি, উৎসৱ, ভাষা, পৰম্পৰা আদিক অগ্ৰাধিকাৰ দিছিল বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই সংঘই সামাজিক সম্প্রীতি বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে দেশৰ সেৱা আৰু সমাজ সৱলীকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ১৯৬৫ চনত গণতন্ত্ৰ দিৱসৰ পেৰেডত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰা দিনটোৰ কথাও প্রধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে। এই সংঘই দেশলৈ আগবঢ়োৱা অৱদান সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে আজিৰ অনুষ্ঠানতেই বিশেষভাৱে প্ৰস্তুত কৰা এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱতে কয়, যে আৰ এছ এছে ৰাষ্ট নিৰ্মাণৰ প্ৰেৰণাক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু দেশবাসীৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টিত অৰিহণা যোগাই আহিছে। আৰ এছ এছ চৰকাৰ্যবা দাত্রেয় হোছাবেলে কয়, যে আৰ এছ এছৰ কাম-কাজ আৰু সক্ৰিয়তা দেশৰ প্ৰতিটো প্ৰান্ততে উপলভ্য। তেওঁ কয়, যে সংগঠনটোৰ বিভিন্ন কাম-কাজ সন্দৰ্ভত সমাজত পর্যাপ্ত সজাগতা আছে। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকল সামাজিক উন্নয়ন, ৰাষ্ট্ৰীয় সেৱা, সুৰক্ষা আৰু জনকল্যাণৰ দৰে কামত জড়িত হৈ আহিছে বুলিও তেওঁ প্ৰকাশ কৰে।
Site Admin | October 1, 2025 9:05 PM | narendra modi | PMO India | PMO Modi | RSS
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছেঃ প্ৰধানমন্ত্ৰী
