ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে

● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শতবৰ্ষ অনুষ্ঠানত আৰ এছ এছৰ ইতিহাস, সাংস্কৃতিক অৱদান আৰু দেশৰ অখণ্ডতা ৰক্ষাত সংগঠনটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হৈছে। সমবেতসকলক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে কয়, যে ১০০ বছৰ পূৰ্বৰ আজিৰ এই মহান দিনটোত আৰ এছ এছ গঠন কৰাটো কেৱল দায়িত্ববোধেই নাছিল, বৰং হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা ভাৰতীয় পৰম্পৰাক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছিল। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে দেশৰ সেৱা আৰু সমাজৰ সবলীকৰণত অক্লান্তভাৱে নিজকে উৎসৰ্গা কৰি আহিছে বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। আৰ এছ এছ স্বেচ্ছাসেৱকসকলে ১৯৬৩ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্রহণ কৰাৰ দিনটো তেওঁ স্মৰণ কৰে। শতবৰ্ষ উপলক্ষে প্রধানমন্ত্ৰীয়ে দেশৰ প্ৰতি আগবঢ়োৱা আৰ এছ এছৰ অৱদানক আলোকপাত কৰি বিশেষভাৱে প্ৰস্তুত কৰা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰে। কাইলৈ বিজয়া দশমী বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে এই উৎসৱে বেয়াৰ বিৰুদ্ধে ভালৰ, অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ, অসত্যৰ বিৰুদ্ধে সত্য আৰু আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ জয়ক নিৰ্দেশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয়, যে আৰ এছ এছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰেৰণাক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু দেশৱাসীৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টিত অৰিহণা যোগাই আহিছে। আৰ এছ এছ চৰকাৰ্যবা দট্টাত্রেয় হোছাবেলে কয়, যে আৰ এছ এছৰ কাম-কাজ আৰু সক্ৰিয়তা দেশৰ প্ৰতিটো প্ৰান্ততে উপলভ্য। তেওঁ কয়, যে সংগঠনটোৰ বিভিন্ন কাম-কাজ সন্দৰ্ভত সমাজত পর্যাপ্ত সজাগতা আছে। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকল সামাজিক উন্নয়ন, ৰাষ্ট্ৰীয় সেৱা, সুৰক্ষা আৰু জনকল্যাণৰ দৰে কামত জড়িত হৈ আহিছে বুলিও তেওঁ প্ৰকাশ কৰে।