ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে মন সম্পন্ন আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো বিকশাই তোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে কৈছে যে, এই আঁচনি ২০২৫-২৬ বিত্তীয় বর্ষলৈকে ২০০ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰা হ’ব। ৰাষ্ট্ৰীয় সৌৰশক্তি প্রতিষ্ঠানে ৰূপায়ণ কৰিব লগা এই আঁচনিয়ে উৎপাদন, প্রযুক্তি আৰু সেউজ হাইড্ৰ’জেনৰ মূল্য শৃংখলাৰ সুবিধাসমূহ আৰু বৰ্তমান ইয়াৰ আনুসংগিক পৰীক্ষণৰ ক্ষেত্ৰত থকা সুবিধাসমূহ বৃদ্ধি কৰাৰ বাবে সমৰ্থন কৰিব। মন্ত্ৰ্যালয়ে জানিবলৈ দিছে যে এই আঁচনিয়ে নতুন পৰীক্ষণৰ সুবিধাসমূহ আৰু বর্তমানে অব্যাহত থকা সুবিধাসমূহ বৃদ্ধি কৰিব যাতে সুৰক্ষীত অভিযান নিশ্চিত কৰিব পৰা যায়। এই আঁচনিয়ে সেউজ হাইড্ৰ’জেন-দুইৰ উৎপাদনৰ সুৰক্ষা আৰু বাণিজ্যিক মানদণ্ড আৰু স্থিতিস্থাপকতা সুনিশ্চিত কৰিবলৈ পৰীক্ষণৰ সুবিধাসমূহ বিকশাই তুলিব। আমাৰ সংবাদদাতাই জানিবলৈ দিছে যে, ১৯ হাজাৰ ৭০০ কোটি টকাৰো অধিক ব্যয়ৰ ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছন বিগত বৰ্ষৰ ৪ জানুৱাৰীত আৰম্ভ কৰা হৈছিল আৰু এই অভিযান ২০২৯-৩০ বিত্তিয় বর্ষলৈকে অব্যাহত থাকিব। ইয়াৰ উদ্দেশ্য হৈছে সেউজ শক্তিৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য সাধন কৰা আৰু গোলকীয় সেউজশক্তিৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্রগতি সাধন কৰা।