ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা – নেট বাধ্যতামূলক নহ’ব

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক, শিক্ষক আৰু শৈক্ষিক কৰ্মচাৰীৰ পদোন্নতিৰ নতুন নিয়মাৱলীৰ খচৰা প্ৰকাশ কৰিছে। এই নিয়মাৱলী অনুসৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা – নেট বাধ্যতামূলক নহ’ব। বর্তমান মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ বাবে নেট বাধ্যতামূলক হৈ আছে। নেট অবিহনে সহকাৰী অধ্যাপক পদত নিযুক্তি লাভ কৰিবলৈ সকলো শাখাৰ ক্ষেত্ৰত স্নাতকোত্তৰ পৰীক্ষাত কমেও ৫৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব আৰু পি এইছ ডিও আৱশ্যক হ’ব। ইয়াৰ উপৰি স্নাতক পৰীক্ষাত কমেও ৭৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে ৫৫ শতাংশ নম্বৰ লাভ কৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ নেট থাকিলেও কোনো অসুবিধা নহ’ব। নতুন নির্দেশনা অনুসৰি শৈক্ষিক প্ৰতিষ্ঠানৰ উপাচাৰ্য বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত সৰ্বভাৰতীয় পৰ্যায়ৰ বাতৰি কাকতত বিজ্ঞাপন আৰু অধিসূচনা জাৰি কৰিব লাগিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।