ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ৩হাজাৰ যুৱ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত তিনি হাজাৰ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন দিব। এই উপলক্ষে শ্রী মোদীয়ে এটা জনসমাৱেশক উদ্দেশি ভাষণো দিব।নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ আজি প্ৰথম দিনা কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে ৰাজনীতিৰ সৈতে জড়িত নথকা এক লাখ যুৱক-যুৱতীক ৰাজনীতিত চামিল কৰাৰ বাবে প্রধানমন্ত্রীয়ে জনোৱা আহ্বান অনুযায়ী এই আলোচনাৰ আয়োজন কৰা হৈছে। তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ সৈতে আলাপ-আলোচনাৰ অন্তত চৰকাৰে বিভিন্ন বাৰ্ষিক নেতৃত্ব আৰু সমাজসেৱা অনুষ্ঠানৰ আয়োজন কৰিব। চৰকাৰে এনে অনুষ্ঠানৰ জৰিয়তে যুৱ প্ৰজন্মক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ৰ অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড০ মন্দাভিয়াই কয়, যে এই আলোচনাৰ মাধ্যমেৰে যুৱক-যুৱতীসকলে ভাৰতীয় মহাকাশ সংস্থা ইছ’ৰ’ অধ্যক্ষ এছ সোমনথ, বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্ৰা আৰু জি-টুৱেণ্টি ৰাষ্ট্ৰ গোষ্ঠীৰ প্ৰাক্তন শ্বেৰ্পা অমিতাভ কান্তৰ দৰে আগশাৰীৰৰ ব্যক্তিসকলৰ পৰা মাৰ্গ দৰ্শন লাভ কৰিছে।