ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রী মোদীয়ে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ শলাগ লয় বুলি উল্লেখ কৰি এন ডি আৰ এফৰ বিষয়াসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আখ্যা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে আৰু চৰকাৰে গ্ৰহণ কৰা দুৰ্যোগ প্রশমনকাৰী সংকল্পসমূহ সফল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে আত্মাহোতি দিয়া শহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।