ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ ভোটাৰ পৰিচয় পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ ভোটাৰ পৰিচয় পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে নেতাগৰাকীৰ ভোটাৰ পৰিচয় পত্ৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত সমগ্ৰ বিষয়টো তদন্তৰ বাবে যাদৱক আজি সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দিঘা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াগৰাকীয়ে কৈছে যে তেজস্বী যাদৱে সংবাদমেলত প্ৰদৰ্শন কৰা ভোটাৰ পৰিচয় পত্ৰখন নির্বাচন আয়োগে প্ৰদান কৰা ভোটাৰ পৰিচয় পত্ৰ নহয়। উল্লেখযোগ্য যে কালি এখন সংবাদমেল সম্বোধন কৰি আৰ জে ডিৰ নেতাগৰাকীয়ে তেওঁৰ নামটো খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে পাটনাৰ জিলা নির্বাচনী বিষয়া তথা জিলা দণ্ডাধীশ ড০ থংগৰঞ্জনে তেওঁৰ অভিযোগ নাকচ কৰে। জিলা নির্বাচনী বিষয়াগৰাকীয়ে ৰাজহুৱাভাৱে খচৰা ভোটাৰ তালিকা প্ৰদৰ্শন কৰি কয়, যে তেজস্বী যাদৱে অনা অভিযোগ শুদ্ধ নহয়। তেওঁ লগতে কয়, যে বিহাৰৰ পশু বিজ্ঞান বিশ্ববিদ্যালয়ত থকা ২০৪ নম্বৰ বুথত তেজস্বী যাদৱৰ নাম উল্লেখ আছে। ইয়াৰ পাছতে নিৰ্বাচন আয়োগে বিহাৰৰ নেতাগৰাকীক প্রকৃত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আন আনুসংগিক তথ্য আয়োগত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে বিজেপিয়ে আৰ জে ডি নেতা তেজস্বী যাদৱে দুখনকৈ পৃথক ভোটাৰ পৰিচয় পত্ৰ লগত ৰখাৰ অভিযোগ উত্থাপন কৰে। বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই আজি এখন সংবাদমেলত কয়, যে তেজস্বী যাদৱে দুখন পৃথক ভোটাৰ পৰিচয় পত্ৰ লগত ৰাখি অপৰাধ সংঘটিত কৰিছে। তেওঁৰ প্ৰকৃত ভোটাৰ পৰিচয় পত্ৰখনৰ তথ্য ৰাজহুৱা কৰিবলৈও দাবী উত্থাপন কৰে। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়, যে ২০২০ চনত নির্বাচনী শপতনামাত তেজস্বী যাদৱে দাখিল কৰা ভোটাৰ পৰিচয় পত্ৰখনৰ সৈতে কালি সংবাদমেলত প্ৰদৰ্শন কৰা ভোটাৰ পৰিচয় পত্ৰৰ কোনো মিল নাই।