চৰকাৰে কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহ পৰিবেশ অনুকুল কৰি তোলাৰ বাবে ভালেমান পদক্ষেপ লৈছে। এনে পদক্ষেপৰ অংশ হিচাপে সমগ্ৰ দেশত বৰ্তমানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৪ কোটি ৭৮ লাখৰো অধিক গছৰ পুলি ৰোপণ কৰা হৈছে আৰু ৭০ হাজাৰ গছ স্থানান্তৰিত কৰা হৈছে। ফৰিদাবাদ-নয়দা আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ কৰিড‘ৰত এক পেড় মা কে নাম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সমাৰোহত ভাষণ দি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে ২০২৪-২৫ বৰ্ষৰ ৬০ লাখ গছপুলি ৰোপণৰ লক্ষ্য ঠিৰাং কৰাৰ বিপৰীতে এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৬৭ লাখ গছপুলি ৰোপণ কৰা হয়। শ্ৰীগাডকাৰীয়ে লগতে বাহৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে বাহেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিব পৰা যায়। ভাৰতৰ যান-বাহন উদ্যোগে জাপানক চেৰ পেলাই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ উদ্যোগৰূপে পৰিগণিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | July 8, 2025 8:33 PM | gadkari
ৰাষ্ট্ৰীয় ঘাইপথসমূহ পৰিবেশ অনুকুল কৰি তোলাৰ বাবে কেন্দ্ৰৰ ভালেমান পদক্ষেপ
